অসমীয়া বুখাৰী শৰীফ | Bukhari Sharif In Assamese Language | Sahih Bukhari Part 01

 - Sahih Bukhari Hadees in Assamese | Islamic Hadees IN Assamese -

 

অসমীয়া বুখাৰী শৰীফ | Bukhari Sharif In Assamese Language | Sahih Bukhari Part 01   - Sahih Bukhari Hadees in Assamese | Islamic Hadees IN Assamese -

Bukhari sharif in Assamese. Bukhari Sharif hadith Assamese.

অসমীয়াত ছহীহ হাদীছ.অসমীয়া ছহীহ বুখাৰী হাদীছ



                            ছহীহ বুখাৰী, খণ্ড: ১ ( জানাজা )



   হাদিছ নং: ১২৩৭

অহাব ইবনু মুনাব্বিহ ৰাহিমাহুল্লাহক সোধা হ’ল, ‘লা ইলাহা ইল্লাল্লাহ্’ জান্নাতৰ চাবি নহয় নে? উত্তৰত তেখেতে ক’লে, নিশ্চয়। কিন্তু যিকোনো চাবিৰ দাঁত থাকে। তুমি দাঁতযুক্ত চাবি আনিব পাৰিলে তোমাৰ বাবে (জান্নাতৰ) দৰ্জা খুলি দিয়া হ’ব, অন্যথা তোমাৰ বাবে খোলা নহ’ব।

১২৩৭. আবূ যাৰ (গিফাৰী) ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এজন আগন্তুকে (জীব্ৰীল আলাইহিচ্ছালামে) মোৰ প্ৰতিপালকৰ ওচৰৰ পৰা আহি মোক খবৰ দিলে অথবা তেখেতে কৈছে, মোক সুসংবাদ দিলে, মোৰ উম্মতৰ ভিতৰৰ যি ব্যক্তিয়ে আল্লাহৰ লগত কাকো শ্বৰীক নকৰা অৱস্থাত মৃত্যুবৰণ কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব। মই ক’লো, যদিও তেওঁ জিনা কৰি থাকে আৰু যদিও তেওঁ চুৰি কৰি থাকে? তেখেতে ক’লে, যদিও তেওঁ জিনা কৰি থাকে আৰু যদিও তেওঁ চুৰি কৰি থাকে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪০৮, ২৩৮৮, ৩২২২, ৫৮২৭, ৬২৬৮, ৬৪৪৩ ৬৪৪৪, ৭৪৮৭, মুছলিম ১/৪০, হাদীছ নং ৯৪, আহমদ ২১৪৭১) (আ.প্ৰ. ১১৫৮, ই.ফা. ১১৬৫)
        


     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৩৮

     
১২৩৮. ‘আব্দুল্লাহ্ ইবনু মাছ‘উদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আল্লাহ্‌ৰ লগত শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰে, সি জাহান্নামত প্ৰৱেশ কৰিব। মই ক’লো, যিয়ে আল্লাহৰ লগত শ্বিৰ্ক নকৰা অৱস্থাত মৃত্যুবৰণ কৰিব, সি জান্নাতত প্ৰৱেশ কৰিব। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৪৯৭, ৬৬৮৩) (আ.প্ৰ. ১১৫৯, ই.ফা. ১১৬৬)



     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৩৯
   

১২৩৯. বাৰাআ ইবনু ‘আযিব ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সাতটি বিষয়ত আমাক নির্দেশ দিছে আৰু সাতটি বিষয়ত আমাক নিষেধ কৰিছ । তেখেতে আমাক নির্দেশ দিছে- (১) জানাযাৰ অনুসৰণ কৰিবলৈ, (২) ৰুগীয়া ব্যক্তিৰ খবৰ লবলৈ, (৩) নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ, (৪) মজলুমক (নিপীড়িতক) সহায় কৰিবলৈ, (৫) কছমৰ পৰা দায়মুক্ত হ’বলৈ, (৬) ছালামৰ উত্তৰ দিবলৈ আৰু (৭) হাঁছি দাতাক (ইয়াৰহামুকাল্লাহ বুলি) সন্তুষ্ট কৰিবলৈ। আৰু তেখেতে নিষেধ কৰিছে- (১) ৰূপৰ পাত্ৰ, (২) সোণৰ আঙুঠি, (৩) ৰেচম, (৪) দীবাজ, (৫) কাচ্ছী (এক প্ৰকাৰ ৰেচম), (৬) ইস্তিব্ৰাক (তচৰ জাতীয় ৰেচম) ব্যৱহাৰ কৰিবলৈ। (সংশ্লিষ্ট হাদীছসমূহঃ ২৪৪৫, ৫১৭৫, ৫৬৩৫, ৫৬৫০, ৫৮৩৮, ৫৮৪৯, ৫৮৬৩, ৬২২২, ৬২৩৫, ৬৬৫৪) (আ.প্ৰ. ১১৬০, ই.ফা. ১১৬৭)



     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪০

   
১২৪০. আবূ  হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছো যে, এজন মুছলিমৰ আন এজন মুছলিমৰ প্ৰতি হক পাঁচটিঃ (১) ছালামৰ উত্তৰ দিয়া, (২) অসুস্থ ব্যক্তিৰ খবৰ লোৱা, (৩) জানাযাৰ অনুসৰণ কৰা,  (৪) দাৱাত কবূল কৰা আৰু (৫) হাঁছি দাতাক আনন্দিত কৰা (আল-হামদু লিল্লাহৰ উত্তৰত ইয়াৰহামুকাল্লাহ কোৱা)।
আব্দুৰ ৰাজ্জাক ৰাহিমাহুল্লাহে ‘আমৰ ইবনু আবূ ছালামা ৰাহিমাহুল্লাহৰ অনুসৰণ কৰিছে। আব্দুৰ ৰাজ্জাক ৰাহিমাহুল্লাহে কৈছে, মোক মা‘মাৰ ৰাহিমাহুল্লাহে এনেকৈয়ে অৱগত কৰিছে আৰু এই হাদীছ ছালামা ৰাহিমাহুল্লাহে ‘উকাইল ৰাহিমাহুল্লাহৰ পৰা ৰিৱায়াত কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৩৯/৩, হাদীছ নং ২১৬২, আহমদ ৮৪০৫) (আ. প্ৰ. ১১৬১, ই.ফা. ১১৬৮)
        
       
       
     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪১

     
১২৪১-১২৪২. আবু ছালামা ৰাহিমাহুল্লাহে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহধর্মিণী ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই মোক কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ খবৰ পাইআবূ বকৰ ৰাদ্বিয়াল্লাহু আনহু ‘ছুনহ’ত অৱস্থিত তেখেতৰ ঘৰৰ পৰা ঘোঁৰাত আহে আৰু নামি মছজিদত প্ৰৱেশ কৰে। তাত মানুহৰ লগত কোনো কথা নাপাতি ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰত প্ৰৱেশ কৰি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে অগ্রসৰ হ’ল। তেতিয়া তেখেতে এখন ‘হিবাৰাহ’ ইয়ামানী চাদৰেৰে আবৃত আছিল। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখমণ্ডল উন্মুক্ত কৰি তেখেতেৰ ওপৰত হালি পৰিল আৰু চুমা খালে, তাৰ পিছত কান্দিব ধৰিলে আৰু ক’লে, হে আল্লাহৰ নবী! মোৰ আব্বা আপোনাৰ বাবে কোৰবান হওঁক! আল্লাহে আপোনাৰ বাবে দুই মৃত্যু একেলগ নকৰে, কিন্তু যি মৃত্যু আপোনাৰ বাবে অৱধাৰিত আছিল সেয়া আপুনি কবুল কৰিছে।

আবু ছালামা ৰাহিমাহুল্লাহে কৈছে, ‘আব্দুল্লাহ্ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে মোক খবৰ দিছে যে, (তাৰ পিছত) আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহু বাহিৰলৈ ওলাই আহিল। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে লোকসকলৰ লগত কথা পাতি আছিল। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক ক’লে, বহি লওঁক। তেখেতে সেয়া নামানিলে। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক আকৌ ক’লে, বহি লওঁক। তেখেতে নামানিলে। তেতিয়া আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে কলিমায়ে শ্বাহদাতৰ দ্বাৰা (বক্তব্য) আৰম্ভ কৰিলে। উপস্থিত লোকসকলে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক এৰি তেখেতৰ পিনে আকৃষ্ট হ’ল। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, আম্মা বা‘দু, তোমালোকৰ মাজৰ যিসকলে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত কৰে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সঁচাকৈয়ে মৃত্যু হৈছে। আৰু যিসকলে মহান আল্লাহৰ ইবাদত কৰে, নিশ্চয় আল্লাহ চিৰঞ্জীৱ, অমৰ। মহান আল্লাহে কৈছে, মুহাম্মদ কেৱল এজন ৰাছুল, তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈ গৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয়, তেনেহ’লে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা (ভৰিৰ গোৰোৱাত ভৰ দি পিছলৈ ঘূৰি যাবা) নেকি? আৰু যিয়ে পৃষ্ঠপ্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু আল্লাহে অতি সোনকালে কৃতজ্ঞসকলক পুৰষ্কৃত কৰিব। (আলে-ইমৰান ৩/১৪৪)। আল্লাহৰ কছম, মনত এনে ভাব হৈছিল যেন আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তিলাৱত কৰাৰ আগতে লোকসকলে জনাই নাছিল যে, আল্লাহে উক্ত আয়াত নাযিল কৰিছে। এতিয়াহে যেন তেওঁলোকে তেখেতৰ পৰা জানিব পাৰিলে, প্ৰতিজন মানুহকে তেতিয়া উক্ত আয়াত তিলাৱত কৰা শুনা গ’ল। (সংশ্লিষ্ট হাদীছসমূহঃ ১২৪১, ৩৬৬৮, ৩৬৬৯, ৪৪৫২, ৪৪৫৫, ৫৭১০) ১২৪২) (৩৬৬৮, ৩৬৭০, ৪৪৫৩, ৪৪৫৪, ৪৪৫৭, ৫৭১১) (আ.প্ৰ. ১১৬২, ই.ফা. ১১৬৯)
        


     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪৩

        
১২৪৩. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বাই’আতকাৰী আনচাৰী মহিলা উম্মুল ‘আলা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, (মদীনালৈ হিজৰত কৰাৰ পিছত) লটাৰীৰ মাধ্যমত মুহাজিৰসকলক বণ্টন কৰা হৈছিল। ফলত ‘উচমান ইবনু মায‘ঊন ৰাদ্বিয়াল্লাহু আনহু আমাৰ ভাগত পৰিল, আমি সাদৰেৰে তেখেতক আমাৰ গৃহত স্থান দিলো। এটা সময়ত তেখেত সেই ৰোগত আক্ৰান্ত হ’ল, যি ৰোগত তেখেতৰ মৃত্যু হৈছে। যেতিয়া তেখেতৰ মৃত্যু হ’ল, আৰু তেখেতক গোছল কৰাই কাফনৰ কাপোৰ পিন্ধোৱা হ’ল, তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আহি প্ৰৱেশ কৰিলে। তেতিয়া মই ক’লো, হে আবাচ-ছায়িব আপোনাৰ ওপৰত আল্লাহৰ ৰহমত বৰ্ষিত হওঁক! আপোনাৰ ক্ষেত্ৰত মোৰ সাক্ষ্য এই যে, আল্লাহে আপোনাক সন্মানিত কৰিছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ তুমি কেনেকৈ জানিলা যে, তেওঁক সন্মানিত কৰিছে? মই ক’লো, মোৰ পিতা আপোনাৰ কাৰণে কোৰবান হওঁক, হে আল্লাহৰ ৰাছুল! তেনেহ’লে আল্লাহে কাক সন্মানিত কৰিব? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ তেওঁৰ ক্ষেত্ৰত এয়াই যে, তেওঁৰ নিশ্চয় মৃত্যু হৈছে আৰু আল্লাহৰ শপত! মই তেওঁৰ কল্যাণ কামনা কৰোঁ। আল্লাহৰ শপত! মই নাজানো মোৰ লগত কেনে ব্যৱহাৰ কৰা হ’ব! অথচ মই আল্লাহৰ ৰাছুল। সেই আনচাৰী মহিলাগৰাকীয়ে ক’লে, আল্লাহৰ শপত! ইয়াৰ পিছত এতিয়াৰে পৰা কোনো দিনে কোনো ব্যক্তি সম্বন্ধে মই পৱিত্ৰ বুলি মন্তব্য নকৰোঁ। (আ.প্ৰ. ১১৬৩, ই.ফা. ১১৭০)

ছা’ঈদ ইবনু ‘উফাইৰ ৰাহিমাহুল্লাহে লায়েচ ৰাহিমাহুল্লাহৰ সূত্ৰত এনেদৰে বর্ণনা কৰিছে আৰু নাফে‘ ইবনু ইয়াযীদ ৰাহিমাহুল্লাহে ‘উকাইল ৰাহিমাহুল্লাহৰ সূত্ৰত কৈছে। مَا يُفْعَلُ بِهِ তাৰ লগত কেনে ব্যৱহাৰ কৰা হ’ব? শু‘ৱাইব, ‘আমৰ ইবনু দ্বীনাৰ আৰু মা’মাৰ ৰাহিমাহুমুল্লাহে ‘উকাইল ৰাহিমাহুল্লাহক সমৰ্থন কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ২৬৮৭, ৩৯২৯, ৭০০৩, ৭০০৪, ৭০১৮) (ই.ফা. ১১৭১)



        
     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪৪

    
১২৪৪. জাবিৰ ইবনু ‘আব্দিল্লাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, (উহুদ যুদ্ধত) মোৰ পিতা ‘আব্দুল্লাহ্ ৰাদ্বিয়াল্লাহু আনহু শ্বহীদ হোৱাত মই তেওঁৰ মুখমণ্ডলৰ পৰা কাপোৰ আঁতৰাই কান্দিবলৈ ধৰিলো। লোকসকলে মোক বাধা দিব ধৰিলে, কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক বাধা দিয়া নাই। মোৰ পেহী ফাতিমা ৰাদ্বিয়াল্লাহু আনহাইও কান্দিব ধৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তুমি কন্দা বা নাকান্দা (উভয়ে সমান) তোমালোকে তেওঁক তুলি নিয়া পৰ্য্যন্ত ফিৰিস্তাসকলে তেওঁলোকৰ পাখিৰে ছাঁ দি ৰাখিছে।
ইবনু জুৰাইজ ৰাহিমাহুল্লাহে মুহাম্মাদ ইবনু মুনকাদিৰ ৰাহিমাহুল্লাহৰ সূত্ৰত জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা হাদীছ বৰ্ণনা কৰোঁতে শু’বা ৰাহিমাহুল্লাহৰ অনুসৰণ কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ  ১২৯৩, ২৮১৬, ৪০৮০) (আ.প্ৰ. ১১৬৪, ই.ফা. ১১৭২)
        
       
    
      
     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪৫

 
১২৪৫. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, নাজাশ্বীৰ মৃত্যুৰ দিনাই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ মৃত্যুৰ খবৰ দিছিল আৰু জানাযাৰ স্থানলৈ গৈ লোকসকলক শাৰীবদ্ধভাৱে থিয় কৰাইছিল আৰু (সেই জানাযাত) চাৰিটা তকবীৰ দিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ (১৩১৮, ১৩২৭, ১৩২৮, ১৩৩৩, ৩৮৮০, ৩৮৮১, মুছলিম ১১/২১, হাদীছ নং ৯৫১, আহমদ ২২৬৩৯)  (আ.প্ৰ. ১১৬৫, ই.ফা. ১১৭৩)
        


     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪৬

      
১২৪৬. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে (মূতা যুদ্ধৰ অৱস্থা বৰ্ণনা কৰি) ক’লেঃ যায়েদ ৰাদ্বিয়াল্লাহু আনহুৱে পতাকা বহন কৰিছে আৰু শ্বহীদ হৈছে। তাৰ পিছত জাফৰ ৰাদ্বিয়াল্লাহু আনহুৱে পতাকা হাতত লৈছে, তেঁৱো শ্বহীদ হৈছে। তাৰ পিছত ‘আব্দুল্লাহ্ ইবনু ৰাৱাহা ৰাদ্বিয়াল্লাহু আনহুৱে পতাকা ধাৰণ কৰে আৰু তেৱোঁ শ্বহীদ হয়। এই খবৰ কওঁতে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দুচকুৱেদি অশ্রু প্ৰবাহিত হৈছিল। তাৰ পিছত খালিদ ইবনু অলিদ ৰাদ্বিয়াল্লাহু আনহুৱে পৰামর্শ অবিহনেই পতাকা হাতত তুলি লয় আৰু তেওঁৰ দ্বাৰাই বিজয় লাভ হয়। (সংশ্লিষ্ট হাদীছসমূহঃ ২৭৯৮, ৩০৬৩, ৩৬৩০, ৩৭৫৭, ৪২৬২) (আ.প্ৰ. ১১৬৬, ই.ফা. ১১৭৪)



     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪৭

আবূ ৰাফে’ ৰাহিমাহুল্লাহে আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰি কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে মোক কিয় খবৰ নিদিলা?


১২৪৭. ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, এজন ব্যক্তিৰ মৃত্যু হ’ল, যাৰ অসুস্থতাৰ সময়ত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে খা-খবৰ ৰাখিছিল। তেওঁৰ মৃত্যু হয় আৰু ৰাতিয়েই লোকসকলে তেওঁক দাফন কৰি দিয়ে। ৰাতিপুৱা তেওঁলোকে (এই বিষয়ে) নবী চাল্লাল্লাহু আলাইহি অছাল্লামক খবৰ দিয়ে। তেখেতে ক’লেঃ মোক খবৰ দিয়াত তোমালোকক কিহে বাধা দিছিল? তেওঁলোকে ক’লে, তেতিয়া ৰাতি আছিল আৰু ঘোৰ অন্ধকাৰ আছিল, গতিকে আপোনাক কষ্ট দিয়াটো আমি পছন্দ কৰা নাই। তেখেতে সেই ব্যক্তিৰ কবৰৰ ওচৰলৈ গ’ল আৰু তেওঁৰ বাবে জানাযা চালাত আদায় কৰিলে।  (সংশ্লিষ্ট হাদীছঃ ৮৫৭)  (আ.প্ৰ. ১১৬৭, ই.ফা. ১১৭৫)
        
       
       
     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪৮

        
আল্লাহ্ তা‘আলাৰ বাণীঃ ‘‘আৰু ধৈৰ্য্যশীলসকলক সু-সংবাদ দিয়া’’। (আল-বাক্বাৰা ২/১৫৫)

১২৪৮. আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোনো মুছলিমৰ তিনিটা সন্তান প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে মৃত্যুবৰণ কৰিলে তেওঁলোকৰ প্ৰতি তেওঁৰ ৰহমত স্বৰূপে আল্লাহ তা‘আলাই নিশ্চয় সেই ব্যক্তিক জান্নাতত প্ৰৱেশ কৰাব। (সংশ্লিষ্ট হাদীছঃ ১৩৮১)  (আ.প্ৰ. ১১৬৮, ই.ফা. ১১৭৬)


     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৪৯

        
১২৪৯. আবূ ছা’ঈদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, মহিলাসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত নিবেদন কৰিলে, আমাৰ কাৰণে এটা দিন নিৰ্দ্দিষ্ট কৰি দিয়ক। তাৰ পিছত তেখেতে এদিন তেওঁলোকক ওৱাজ-নছীহত কৰিলে আৰু ক’লেঃ যি মহিলাৰ তিনিটা সন্তানৰ মৃত্যু হয়, সেইসকল শিশু তেওঁৰ বাবে জাহান্নামৰ প্ৰতিবন্ধক হ’ব। তেতিয়া এগৰাকী মহিলাই প্ৰশ্ন কৰিলে, দুটা সন্তানৰ মৃত্যু হ’লে? তেখেতে ক’লে, দুটা সন্তানৰ মৃত্যু হ’লেও। (সংশ্লিষ্ট হাদীছঃ ১০১) (আ.প্ৰ. ১১৬৯, ই.ফা. ১১৭৭)
        
       
       
     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫০

    
১২৫০. আবূ ছা’ঈদ আৰু আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ সূত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত, আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, যিসকল প্ৰাপ্তবয়স্ক হোৱা নাই।  (সংশ্লিষ্ট হাদীছঃ ১০২) (আ.প্ৰ. ১১৬৯ শেষাংশ, ই.ফা. ১১৭৭ শেষাংশ)
        
      

     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫১

      
১২৫১. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোনো মুছলিমৰ তিনিটা (অপ্ৰাপ্তবয়স্ক) সন্তানৰ মৃত্যু হ’লে, তেওঁ জাহান্নামত প্ৰৱেশ নকৰিব, কিন্তু আল্লাহৰ শপত অৱশ্যে পূৰণ হব। আবূ আব্দুল্লাহ ইমাম বুখাৰী ৰাহিমাহুল্লাহে কৈছে, আল্লাহ্ তা‘আলাই কৈছে, ‘‘তোমালোকৰ প্ৰত্যেকেই সেয়া অতিক্ৰম কৰিব লাগিব’’। (সংশ্লিষ্ট হাদীছসমূহঃ ৬৬০৬, মুছলিম ৪৫/৪৭, হাদীছ নং ২৬৩২, আহমদ ৭২২৯) (আ.প্ৰ. ১১৭০, ই.ফা. ১১৭৮)




     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫২

      
১২৫২. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটি কবৰৰ ওচৰত উপস্থিত থকা এগৰাকী মহিলাৰ কাষেদি পাৰ হৈ গৈছিল, মহিলাগৰাকীয়ে তেতিয়া কান্দি আছিল। তেতিয়া তেখেতে ক’লেঃ আল্লাহক ভয় কৰা আৰু ধৈৰ্য্য ধৰা। (সংশ্লিষ্ট হাদীছসমূহঃ ১২৮৩, ১৩০২, ৭১৫৪, মুছলিম ১১/৮, হাদীছ নং ৯২৬, আহমদ ১২৩১৯) (আ.প্ৰ. ১১৭১, ই.ফা. ১১৭৯)
        
       


     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫৩

     
ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ছা’ঈদ ইবনু যায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ এজন (মৃত) পুত্ৰক সুগন্ধি লগাই দিলে, তাক বহন কৰিলে আৰু জানাযাৰ চালাত আদায় কৰিলে, অথচ তেখেতে নতুনকৈ অজু কৰা নাই। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ জীৱিত আৰু মৃত কোনো অৱস্থাতে মুছলিম অপৱিত্ৰ নহয়, ছা’দ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, (মৃতদেহ) অপৱিত্ৰ হ’লে মই স্পর্শ নকৰিলোহেঁতেন। আকৌ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মু’মিন অপৱিত্র নহয়।

১২৫৩. উম্মু আতিয়্যাহ আনচাৰী ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা জয়নব ৰাদ্বিয়াল্লাহু আনহাৰ ইন্তেকাল হোৱাত তেখেতে (চাল্লাল্লাহু আলাইহি অছাল্লাম) আমাৰ ওচৰলৈ আহি ক’লে, “তোমালোকে তেওঁক তিনিবাৰ বা পাঁচবাৰ বা প্ৰয়োজন সাপেক্ষে তাতোকৈ অধিকবাৰ বগৰী পাত মিশ্ৰিত পানীৰে গোছল দিবা। শেষৰবাৰ কৰ্পূৰ বা (তেখেতে কৈছে) কিছু কৰ্পুৰ ব্যৱহাৰ কৰিবা। তোমালোকে শেষ কৰি মোক খবৰ দিবা’’। আমি শেষ কৰাৰ পিছত তেখেতক জনালো, তেতিয়া তেখেতে তেখেতৰ চাদৰখন আমাক দি ক’লে, “এইখন তেওঁৰ শৰীৰত মেৰিয়াই দিয়া’’। (সংশ্লিষ্ট হাদীছসমূহঃ ১৬৭, মুছলিম ১১/১২, হাদীছ নং ৯৩৯, আহমদ ২৭৩৬৮) (আ.প্ৰ. ১১৭২, ই.ফা. ১১৮০)


     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫৪

        
১২৫৪. উম্মু আতিয়্যাহ আনচাৰী ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা জয়নাব ৰাদ্বিয়াল্লাহু আনহাৰ ইন্তেকাল হোৱাত তেখেতে (চাল্লাল্লাহু আলাইহি অছাল্লাম) আমাৰ ওচৰত আহি ক’লেঃ “তোমালোকে তেওঁক তিনিবাৰ বা পাঁচবাৰ বা প্ৰয়োজন সাপেক্ষে তাতোকৈ অধিকবাৰ বগৰী পাত দিয়া পানীৰে গোছল দিবা। শেষৰবাৰ কৰ্পূৰ বা (তেখেতে কৈছে) কিছু কৰ্পুৰ ব্যৱহাৰ কৰিবা। তোমালোকে শেষ কৰি মোক খবৰ দিবা’’। আমি শেষ কৰাৰ পিছত তেখেতক জনালো, তেতিয়া তেখেতে তেখেতৰ চাদৰখন আমাক দি ক’লে, “এইখন তেওঁৰ শৰীৰত মেৰিয়াই দিয়া’’। আয়ুব ৰাহিমাহুল্লাহে কৈছে, হাফছা ৰাহিমাহাল্লাহে মোক মুহাম্মদ বৰ্ণিত হাদীছৰ দৰেই হাদীছ শুনাইছে। কিন্তু তেখেতৰ হাদীছত আছে যে, তেওঁক বিযোৰ সংখ্যাত গোছল দিবা, আৰু আছে, তিনিবাৰ, পাঁচবাৰ বা সাতবাৰকৈ; তাত আৰু আছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘‘তোমালোকে সোঁহাতৰ পৰা আৰু তেওঁৰ অজুৰ স্থানসমূহৰ পৰা আৰম্ভ কৰিবা’’। তাত এই কথাও আছে যে, (বৰ্ণনাকাৰিণী) উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, আমি তেওঁৰ চুলিখিনি আঁচুৰি তিনিটা কোছা কৰি দিছিলো। (সংশ্লিষ্ট হাদীছঃ ১৬৭ ((আ.প্ৰ. ১১৭৩, ই.ফা. ১১৮১)
        
       
       
     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫৬

        
১২৫৬. উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা জয়নাব ৰাদ্বিয়াল্লাহু আনহাৰ গোছল দিব গৈছিলো, গোছল দিয়াৰ সময়ত তেখেতে আমাক ক’লেঃ তোমালোকে তেওঁৰ সোঁফালৰ পৰা আৰু অজুৰ স্থানসমূহৰ পৰা আৰম্ভ কৰিবা। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (আ.প্ৰ. ১১৭৫, ই.ফা. ১১৮৩)
        


     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫৭

        
১২৫৭. উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যাৰ ইন্তেকাল হোৱাত তেখেতে আমাক ক’লেঃ তোমালোকে তেওঁক তিনিবাৰ, পাঁচবাৰ অথবা তোমালোকে প্ৰয়োজন সাপেক্ষে তাতকৈ অধিকবাৰ গোছল দিবা। তোমালোকে শেষ কৰি মোক জনাবা। আমি শেষ কৰি তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক জনালো। তেতিয়া তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম)এ নিজৰ কঁকালৰ পৰা তেখেতৰ চাদৰ খুলি দি ক’লেঃ এইখন তেওঁৰ ভিতৰৰ কাপোৰ হিচাপে পিন্ধাই দিয়া। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (আ.প্ৰ. ১১৭৬, ই.ফা. ১১৮৪)



     ছহীহ বুখাৰী, খণ্ড: ১
   হাদিছ নং: ১২৫৮

        
১২৫৮. উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যাসকলৰ এগৰাকীৰ ইন্তেকাল হ’ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তালৈ গ’ল আৰু ক’লেঃ তোমালোকে তেওঁক তিনিবাৰ, পাঁচবাৰ অথবা প্ৰয়োজন সাপেক্ষে তাতকৈ অধিকবাৰ বগৰীৰ পাত মিহলি পানীৰে গোছল দিবা। শেষৰবাৰ কর্পুৰ (অথবা তেখেতে কৈছে) ‘কিছু কর্পূৰ’ ব্যৱহাৰ কৰিবা। গোছল শেষ কৰি মোক জনাবা। উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, আমি গোছল শেষ কৰি তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক জনালো। তেতিয়া তেখেতে তেখেতৰ চাদৰখন আমাৰ ফালে আগবঢ়াই দি ক’লেঃ এইখন তেওঁৰ ভিতৰৰ কাপোৰ হিচাপে পিন্ধাই দিয়া। আয়্যুব ৰাহিমাহুল্লাহে হাফছা ৰাহিমাহাল্লাহৰ সূত্ৰত উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (আ.প্ৰ. ১১৭৭, ই. ফা. ১১৮৫)



 অসমীয়া বুখাৰী শৰীফ ছহীহ বুখাৰী, খণ্ড: ১
 
হাদিছ নং: ১২৫৯

      
১২৫৯. উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে (নবী চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ তেওঁক তিনি, পাঁচ, সাত বা প্রয়োজন সাপেক্ষে তাতকৈ অধিকবাৰ গোছল দিবা। হাফছা ৰাহিমাহাল্লাহে কৈছে, উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, আমি তেওঁৰ মূৰৰ চুলিখিনি তিনি কোছা কৰি বেণী গাঁথি দিছিলোঁ। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (আ.প্ৰ. ১১৭৭ শেষাংশ, ই.ফা. ১১৮৫ শেষাংশ)



     ছহীহ বুখাৰী, খণ্ড: ১
 

  হাদিছ নং: ১২৬০

       
ইবনু ছীৰিন ৰাহিমাহুল্লাহে কৈছে, মৃতকৰ চুলি খুলি ৰখাত কোনো দোষ নাই।

১২৬০. উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে যে, তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যাৰ মূৰৰ চুলিখিনি তিনিডাল বেণী কৰিছিল। তেওঁলোকে সেয়া খুলিছিল, তাৰ পিছত ধুই তিনিডাল বেণী কৰিছিল। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (আ.প্ৰ. ১১৭৮, ই.ফা. ১১৮৬)