অসমীয়া ছহীহ বুখাৰী | Bukhari Sharif In Assamese Language | Sahih Bukhari Part 01 (Hadees 1261-1270)

অসমীয়া বুখাৰী শৰীফ | Bukhari Sharif In Assamese Language | Sahih Bukhari Part 01

 - Sahih Bukhari Hadees in Assamese | Islamic Hadees IN Assamese -

Bukhari sharif in Assamese. Bukhari Sharif hadith Assamese.

অসমীয়াত ছহীহ হাদীছ.অসমীয়া ছহীহ বুখাৰী হাদীছ

  ছহীহ বুখাৰী, খণ্ড: ১ ( জানাজা )

 

 

অসমীয়া বুখাৰী শৰীফ | Bukhari Sharif In Assamese Language | Sahih Bukhari Part 01   - Sahih Bukhari Hadees in Assamese | Islamic Hadees IN Assamese - Bukhari sharif in Assamese. Bukhari Sharif hadith Assamese.  অসমীয়াত ছহীহ হাদীছ.অসমীয়া ছহীহ বুখাৰী হাদীছ   ছহীহ বুখাৰী, খণ্ড: ১ ( জানাজা )

    ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬১

 

           

হাছান ৰাহিমাহুল্লাহে কৈছে, পাঁচখন কাপোৰৰ দ্বাৰা কামীচৰ তলত দুই উৰু আৰু নিতম্বদ্বয় মেৰিয়াই দিব। 

 

১২৬১. আয়্যুব ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, মই ইবনু ছীৰিন ৰাহিমাহুল্লাহক কোৱা শুনিছো যে, আনচাৰী মহিলা উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই আগমন কৰিলে, যিগৰাকী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বাইআতকাৰীসকলৰ অন্যতম। তেখেতে তেখেতৰ ৰাক চাবলৈ বছৰালৈ আহিছিল, কিন্তু তেখেতে তেওঁক লগ নাপালে। তেতিয়া তেখেতে আমাক হাদীছ শুনালে। তেখেতে লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ ওচৰলৈ আহিল, তেতিয়া আমি তেখেতৰ কন্যাক গোছল দি আছিলো। তেখেতে লেঃ তোমালোকে তেওঁক তিনিবাৰ, পাঁচবাৰ বা প্ৰয়োজন সাপেক্ষে তাতকৈ অধিকবাৰ বগৰীৰ পাত মিহলি পানীৰে গোছল দিয়া আৰু শেষবাৰত কৰ্পূৰ দিবা। তোমালোকে শেষ কৰি মোক জনাবা। তেখেতে লে, আমি যেতিয়া শেষ কৰিলো, তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ চাদৰ আমাৰ ফালে আগবঢ়াই দি লেঃ এইখন তেওঁৰ শৰীৰত মেৰিয়াই দিয়া। উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই ইয়াতকৈ অধিক বর্ণনা কৰা নাই। (আয়্যুব ৰাহিমাহুল্লাহে কৈছে) মই নাজানো, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনগৰাকী কন্যা আছিল? তেখেতে কৈছে, أشعار অর্থ শৰীৰৰ লগত মেৰিয়াই দিয়া। ইবনু ছীৰিন ৰাহিমাহুল্লাহে মহিলা সম্পৰ্কে এনেদৰেই আদেশ কৰিছে যে, ভিতৰৰ কাপোৰ শৰীৰৰ লগত মেৰিয়াই দিব, ইজাৰৰ দৰে ব্যৱহাৰ নকৰিব। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (.প্ৰ. ১১৭৯, .ফা. ১১৮৭)



     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬২

 .

১২৬২. উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যাৰ মূৰৰ চুলি বেণী গাঁথি দিছিলো, অর্থাৎ তিনিডাল বেণী। অকীৰাহিমাহুল্লাহে কৈছে, চুফিয়ান ৰাহিমাহুল্লাহে কৈছিল, মূৰৰ সন্মুখৰ ফালে এডাল বেণী দুয়োকাষে দুডাল বেণী। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (.প্ৰ. ১১৮০, .ফা. ১১৮৮)

   

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬৩

 

     .

১২৬৩. উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যাসকলৰ এগৰাকীৰ ইন্তেকাল হোৱাত তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম) আমাৰ ওচৰলৈ আহি লে, “তোমালোকে তেওঁক বগৰী গছৰ পাত মিহলি পানীৰে বিযোৰ সংখ্যক তিনিবাৰ, পাঁচবাৰ বা প্ৰয়োজন সাপেক্ষে তাতকৈ অধিকবাৰ গোছল দিয়া। শেষবাৰত কৰ্পূৰ অথবা তেখেতে কৈছিল কিছু কৰ্পূৰ ব্যৱহাৰ কৰিবা। তোমালোকে গোছল শেষ কৰি মোক জনাবা’’ আমি শেষ কৰি তেখেতক জনালো। তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম) তেখেতৰ চাদৰ আমাৰ ফালে আগবঢ়াই দিলে, আমি তেওঁৰ মূৰৰ চুলিখিনি তিনিডাল বেণী গাঁথি পিছফালে এৰি দিলো। (সংশ্লিষ্ট হাদীছঃ ১৬৭) (.প্ৰ. ১১৮১, .ফা. ১১৮৯)

        

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬৪

১২৬৪. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক তিনিখন ইয়ামানী ছাহুলী সূতাৰ বগা কাপোৰেৰে কাফন দিয়া হৈছিল। তাৰ ভিতৰত কামিচ আৰু পাগুৰি নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১২৭১, ১২৭২, ১২৭৩, ১২৮৭, মুছলিম ১১/১৩, হাদীছ নং ৯৪১, আহমাদ ২৬০০৮) (.প্ৰ. ১১৮২, .ফা. ১১৯০)


     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬৫

১২৬৫. ‘আব্দুল্লাহ্ ইবনুআব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আৰাফাতত অৱস্থানকালত এজন ব্যক্তি হঠাৎ তেওঁৰ উটনীৰ পৰা পৰি গলধনত মোচোকা খায়, যাৰ ফলত তেওঁৰ মৃত্যু হয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লেঃ তেওঁক বগৰী পাত মিহলোৱা পানীৰে গোছল দিয়া আৰু দুখন কাপোৰেৰে কাফন দিয়া। তেওঁক সুগন্ধি নলগাবা আৰু তেওঁৰ মূৰটো ঢাকি নিদিবা, কাৰণ কিয়ামতৰ দিনা তেওঁক তালবিয়া পাঠ কৰি থকা অৱস্থাত উঠোৱা ব। (সংশ্লিষ্ট হাদীছসমূহঃ ১২৬৬, ১২৬৭, ১২৬৮, ১৮৩৯, ১৮৪৯, ১৮৫০, ১৮৫১, মুছলিম ১৫১৪/, হাদীছ নং ১২০৬, আহমদ ৩২৩০) (.প্ৰ. ১১৮৩, .ফা. ১১৯১)

      ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬৬

 

        ১২৬৬. ইবনুআব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আৰাফাতত এজন ব্যক্তিয়ে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত অৱস্থানকালত হঠাৎ তেওঁৰ বাহনৰ পৰা পৰি যায়। ফলত তেওঁৰ গলধন মোচোকা খায়, যাৰ ফলত তেওঁৰ মৃত্যু হয়। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লেঃ তেওঁক বগৰী পাত মিহলোৱা পানীৰে গোছল দিয়া আৰু দুখন কাপোৰেৰে কাফন দিয়া, তেওঁক সুগন্ধি নলগাবা আৰু তেওঁৰ মূৰটো ঢাকি নিদিবা, কাৰণ কিয়ামতৰ দিনা, আল্লাহ তাআলাই তেওঁক তালবিয়া পাঠ কৰি থকা অৱস্থাত উঠাব। (সংশ্লিষ্ট হাদীছঃ (১২৬৫ (.প্ৰ. ১১৮৪, .ফা. ১১৯২)

        

      

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬৭

 

১২৬৭. ইবনুআব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, এজন ব্যক্তিৰ উটে তেওঁৰ গলধন মোচোকাই দিলে, ফলত তেওঁৰ মৃত্যু ল। সেই সময়ত আমি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলো, সেই ব্যক্তিজন ইহৰাম অৱস্থাত আছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লেঃ তেওঁক বগৰী পাত মিহলোৱা পানীৰে গোছল দিয়া আৰু দুখন কাপোৰেৰে তেওঁক কাফন দিয়া। তেওঁক সুগন্ধি নলগাবা আৰু তেওঁৰ মূৰটো ঢাকি নিদিবা, কাৰণ কিয়ামতৰ দিনা আল্লাহ তাআলাই তেওঁক মুলাবিব অৰথাৎ ইহৰামত থকা অৱস্থাত উঠাব। (সংশ্লিষ্ট হাদীছঃ ১২৬৫) (.প্ৰ. ১১৮৫, .ফা. ১১৯৩)

        

 

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬৮

 

       .

১২৬৮. ইবনুআব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আৰাফাতত অৱস্থান কৰিছিল। তেওঁ তেওঁৰ বাহনৰ পৰা পৰি (পৰৱৰ্তী অংশৰ বৰ্ণনাত) আয়ুব ৰাহিমাহুল্লাহে কৈছে, فَوَقَصَتْهُ তেওঁৰ গলধন মোচোকাই দিলে। আমৰ ৰাহিমাহুল্লাহে কৈছে,فَأَقْصَعَتْهُ  তেওঁক দ্রুতভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিলে, যাৰ ফলত তেওঁৰ মৃত্যু হয়। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লে, তেওঁক বগৰী পাত মিহলোৱা পানীৰে গোছল দিয়া আৰু দুখন কাপোৰেৰে কাফন দিয়া। তেওঁক সুগন্ধি নলগাবা আৰু তেওঁৰ মূৰটো ঢাকি নিদিবা, কাৰণ কিয়ামতৰ দিনা তেওঁক উঠোৱা এনেকুৱা অৱস্থাত যে, আয়ুব ৰাহিমাহুল্লাহে কৈছে, ‘তেওঁ তালবিয়া পাঠ কৰি আছেআৰুআমৰ ৰাহিমাহুল্লাহে কৈছে, তেওঁ তালবিয়া পাঠ কৰি থকা অৱস্থাত। (সংশ্লিষ্ট হাদীছঃ ১২৬৫) (.প্ৰ. ১১৮৬, .ফা. ১১৯৪)

        

       

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৬৯

 

১২৬৯. ‘আব্দুল্লাহ্ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ‘আব্দুল্লাহ্ ইবনু উবাই (মুনাফিকৰ চৰ্দাৰ) মৃত্যু হোৱাত তেওঁৰ পুতেকে (যিজন চাহাবী আছিল) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি লে, আপোনাৰ চোলাটো মোক দান কৰক, সেইটোৰে মই মোৰ আব্বাৰ কাফন পিন্ধোৱাৰ ইচ্ছা কৰিছো আৰু আপুনি তেওঁৰ জানাযা পঢ়াওঁক আৰু তেওঁৰ কাৰণে মাগফিৰাত কামনা কৰক। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ চোলাটো তেওঁক দিলে আৰু লেঃ মোক খবৰ দিবা, মই তেওঁৰ জানাযা পঢ়াম। তেওঁ তেখেতক খবৰ দিলে, যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ জানাযা আদায় কৰাৰ ইচ্ছা কৰিলে, তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি লে, আল্লাহে আপোনাক মুনাফিকসকলৰ জানাযা আদায় কৰাত নিষেধ কৰা নাই জানো? তেখেতে লেঃ মোক দুটাৰ ভিতৰত যিকোনো এটা কৰাৰ অধিকাৰ দিছে। আল্লাহ তাআলাই কৈছে, “তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে’’ (আত-তৌবাহ /৮০) ইয়াৰ পিছত তেখেতে জানাযা পঢ়ালে, তাৰ পিছত এই আয়াত অৱতীৰ্ণ লঃআৰু সিহঁতৰ মাজত কাৰোবাৰ মৃত্যু লে তুমি তাৰ বাবে জানাযাৰ চালাত কেতিয়াও আদায় নকৰিবা’’ (আত-তৌবাহ /৮৪) (সংশ্লিষ্ট হাদীছসমূহঃ ৪৬৭০, ৪৬৭২, ৫৭৯৬) (.প্ৰ. ১১৮৭, .ফা. ১১৯৫)

        

            ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭০

.

১২৭০. জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ‘আব্দুল্লাহ্ ইবনু উবাইক দাফন কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ (কবৰৰ) ওচৰলৈ আহিল আৰু তেওঁক বাহিৰ কৰিলে। ইয়াৰ পিছত তেওঁৰ ওপৰত থুৱাই দিলে আৰু নিজৰ চোলাটো তেওঁক পিন্ধাই দিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৩৫০, ৩০০৮, ৫৭৯৫, মুছলিম ৫০/, হাদীছ নং ৬৭৭৩) (.প্ৰ. ১১৮৮, .ফা. ১১৯৬)

Post a Comment

0 Comments