অসমীয়া ছহীহ বুখাৰী | Bukhari Sharif In Assamese Language | Sahih Bukhari Part 01 (Hadees 1271-1280)

অসমীয়া বুখাৰী শৰীফ | Bukhari Sharif In Assamese Language | Sahih Bukhari Part 01

 - Sahih Bukhari Hadees in Assamese | Islamic Hadees IN Assamese -

Bukhari sharif in Assamese. Bukhari Sharif hadith Assamese.

অসমীয়াত ছহীহ হাদীছ.অসমীয়া ছহীহ বুখাৰী হাদীছ

  ছহীহ বুখাৰী, খণ্ড: ১ ( জানাজা )

 


     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭১

 

        ১২৭১. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত যে, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সূতাৰ তিনিখন বগা ছাহুলী (ইয়ামানী) কাপোৰেৰে কাফন দিয়া হৈছিল, তাৰ ভিতৰত কামিচ আৰু পাগুৰি নাছিল। (সংশ্লিষ্ট হাদীছঃ ১২৬৪) (.প্ৰ. ১১৮৯, .ফা. ১১৯৭)

        

       

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭২

 

       

১২৭২. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক তিনিখন কাপোৰেৰে কাফন দিয়া হৈছিল্, তাত কামিচ আৰু পাগুৰি নাছিল। (সংশ্লিষ্ট হাদীছঃ ১২৬৪) (.প্ৰ. ১১৯০, .ফা. ১১৯৮)

        

       

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭৩

 

       

১২৭৩. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক তিনিখন বগা ছাহুলী (ইয়ামানী) কাপোৰেৰে কাফন দিয়া হৈছিল, তাত কামিচ আৰু পাগুৰি নাছিল। (সংশ্লিষ্ট হাদীছঃ ১২৬৪) (.প্ৰ. ১১৯১, .ফা. ১১৯৯)

        

       

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭৪

 

       

আত্বা, যুহৰী, ‘আমৰ ইবনু দ্বীনাৰ আৰু কাতাদাহ ৰাহিমাহুমুল্লাহে এই কথা কৈছে। আমৰ ইবনু দ্বীনাৰ ৰাহিমাহুল্লাহে আৰু কৈছে, সুগন্ধিও সমস্ত সম্পদৰ পৰা দিব লাগিব। ইব্রাহীম ৰাহিমাহুল্লাহে কৈছে, (সম্পদৰ পৰা প্ৰথমে কাফন, ইয়াৰ পিছত ঋণ পৰিশোধ, তাৰ পিছত অছীয়ত পূৰণ কৰিব লাগিব। চুফিয়ান ৰাহিমাহুল্লাহে কৈছে, কবৰ আৰু গোছল দিয়াৰ খৰচ কাফনৰ লগত অন্তৰ্ভূক্ত।

 

১২৭৪. ছা ৰাহিমাহুল্লাহৰ পিতাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, এদিনআব্দুৰ ৰহমান ইবনু আওফ’  ৰাদ্বিয়াল্লাহু আনহুক খাবলৈ দিয়া ল। তেতিয়া তেখেতে লে, মুচআব বিন উমাইৰ ৰাদ্বিয়াল্লাহু আনহু শ্বহীদ , আৰু তেওঁ মোতকৈ শ্ৰেষ্ঠ আছিল, অথচ তেওঁৰ কাফনৰ বাবে এখন চাদৰৰ বাহিৰে আন একো পোৱা নাই। হামযাহ ৰাদ্বিয়াল্লাহু আনহু বা আন এজন ব্যক্তি শ্বহীদ , তেৱোঁ মোতকৈ শ্ৰেষ্ঠ আছিল, অথচ তেওঁৰ কাফনৰ বাবেও এখন চাদৰৰ বাহিৰে একো পোৱা নাই। গতিকে মোৰ ভয় হয়, আমাৰ নেক আমলৰ বিনিময় এই পাৰ্থিৱ জীৱনত আগতেই দিয়া নেকি, ইয়াৰ পিছত তেখেতে কান্দিবলৈ ধৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১২৭৫, ৪০৪৫) (.প্ৰ. ১১৯২, .ফা. ১২০০)

        

       

 

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭৫

 

        

১২৭৫. ইব্ৰাহীম ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত, এদিনআব্দুৰ ৰহমান ইবনুআওফ ৰাদ্বিয়াল্লাহু আনহুক খাদ্য পৰিৱেশন কৰা , তেতিয়া তেখেতে চিয়াম পালন কৰি আছিল। তেখেতে লে, মুচআব বিন উমাইৰ ৰাদ্বিয়াল্লাহু আনহু শ্বহীদ ল। তেওঁ মোতকৈ শ্ৰেষ্ঠ আছিল, অথচ তেওঁক এনে এখন চাদৰেৰে কাফন দিয়া যে, তেওঁৰ মূৰ ঢাকিলে দুই ভৰি ওলাই থাকে আৰু দুই ভৰি ঢাকিলে মূৰ ওলাই থাকে। (বৰ্ণনাকাৰীয়ে কৈছে) মোৰ মনত পৰে, তেখেতে আৰু কৈছিল, হামযাহ ৰাদ্বিয়াল্লাহু আনহু শ্বহীদ ল। তেখেতো মোতকৈ শ্ৰেষ্ঠ আছিল। তাৰ পিছত আমাৰ বাবে পৃথিৱীত অত্যধিক প্ৰাচুৰ্য্য দিয়া হৈছে। ভয় হয় যে, আমাৰ নেক আমলবোৰৰ বিনিময় আমাক পূৰ্বেই দিয়া হৈছে নেকি, তাৰ পিছত তেখেতে কান্দিবলৈ ধৰিলে, আনকি খাদ্যও বৰ্জন কৰিলে। (সংশ্লিষ্ট হাদীছঃ ১২৭৪) (.প্ৰ. ১১৯৩, .ফা. ১২০১)

        

       

 

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭৬

 

       

১২৭৬. খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ সন্তুষ্টি কামনা কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত মদীনালৈ হিজৰত কৰিছিলো। আমাৰ প্ৰতিদান আল্লাহৰ ওচৰত নিৰ্দ্ধাৰিত হৈ আছে। ইয়াৰ পিছত আমাৰ মাজৰ বহুতে শ্বহীদ হৈছে, কিন্তু তেওঁলোকে তেওঁলোকৰ বিনিময়ৰ একো ভোগ কৰি নগল। তেওঁলোকৰে এজন মুচআব বিন উমাইৰ ৰাদ্বিয়াল্লাহু আনহু, আৰু আমাৰ মাজত বহুত এনেকুৱাও আছে যিসকলৰ প্ৰতিদানৰ ফল পৰিপক্ক হৈছে আৰু তেওঁলোকে সেয়া ভোগ কৰিছে। মুচআব ৰাদ্বিয়াল্লাহু আনহু উহুদৰ দিনা শ্বহীদ হৈছিল। আমি তেওঁক কাফন দিবৰ বাবে এখন চাদৰৰ বাহিৰে আন একোৱে নাপালো, যিখনেৰে তেওঁৰ মূৰ ঢাকিলে দুই ভৰি ওলাই থাকে আৰু দুই ভৰি ঢাকিলে মূৰ ওলাই থাকে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ মূৰ ঢাকিবলৈ আমাক নিৰ্দেশ দিলে আৰু বাহিৰ হৈ থকা ভৰি দুখনৰ ওপৰত ইযখিৰ (ঘাঁহ) দিবলৈ কলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৮৯৭, ৩৯১৩, ৩৯১৪, ৪০৪৭, ৪০৮২, ৬৪৩২, ৬৪৪৮, মুছলিম ১১/১৩, হাদীছ নং ৯৪০, আহমদ ২১১৩৪) (.প্ৰ. ১১৯৪, .ফা. ১২০২)

        

       



     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭৭

 

     

১২৭৭. ছাহল ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। এগৰাকী মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এখন খহটা বুৰদাহ লৈ আহিল। ছাহল ৰাদ্বিয়াল্লাহু আনহুৱে সুধিলে, তোমালোকে জানানে, বুৰদাহ কি? তেওঁলোকে লে, চাদৰ। ছাহল ৰাদ্বিয়াল্লাহু আনহুৱে লে, ঠিকেই। মহিলাগৰাকীয়ে লে, চাদৰখন মই নিজ হাতেৰে বৈছো আৰু আপোনাৰ পৰিধানৰ বাবে লৈ আহিছো। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইখন গ্রহণ কৰিলে আৰু তেখেতৰ চাদৰৰ প্রয়োজনো আছিল। ইয়াৰ পিছত তেখেতে সেইখন ইযাৰ হিচাপে পৰিধান কৰি আমাৰ সন্মুখলৈ আহিল। তেতিয়া জনৈক ব্যক্তিয়ে তেখেতৰ সৌন্দৰ্য্য বৰ্ণনা কৰি লে, বাহ! ইমান সূন্দৰ, মোক এইখন পিন্ধিবলৈ দান কৰক। চাহাবীসকলে লে, এয়া তুমি ভাল কৰা নাই, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইখন তেখেতৰ প্রয়োজনত পৰিধান কৰিছে; তথাপিও তুমি সেইখন বিচাৰিলা, অথচ তুমি জানা যে, তেখেতে কাকো বিমুখ নকৰে। সেই ব্যক্তিয়ে লে, আল্লাহ্ শপত। মই সেইখন পৰিধানৰ উদ্দেশ্যে বিচৰা নাই, মই বিচৰাৰ একমাত্ৰ উদ্দেশ্য সেইখনৰ দ্বাৰা যেন মোৰ কাফন হয়। ছাহল ৰাদ্বিয়াল্লাহু আনহুৱে লে, অৱশেষত সেইখনেই তেওঁৰ কাফন হৈছিল।  (সংশ্লিষ্ট হাদীছসমূহঃ ২০৯৩, ৫৮১০, ৬০৩৬) (.প্ৰ. ১১৯৫, .ফা. ১২০৩)

        

       



     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭৮

 

      

১২৭৮. উম্মু আতিয়্যাহ্ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, জানাযাৰ পিছে পিছে যোৱাটো আমাক (মহিলাসকলক) নিষেধ কৰা হৈছে, কিন্তু আমাৰ ওপৰত কঠোৰভাৱে আৰোপ কৰা হোৱা নাই। (সংশ্লিষ্ট হাদীছঃ ৩১৩) (.প্ৰ. ১১৯৬, .ফা. ১২০৪)

        

  

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৭৯

 

     

১২৭৯. মুহাম্মদ ইবনু ছীৰিন ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, উম্মু আতিয়্যাহ্ ৰাদ্বিয়াল্লাহু আনহাৰ এগৰাকী পুত্ৰ সন্তানৰ মৃত্যু ল। তৃতীয় দিনা তেখেতে হালধীয়া বৰণৰ সুগন্ধি আনি ব্যৱহাৰ কৰিলে আৰু লে, স্বামীৰ বাহিৰে আন কাৰো বাবে তিনি দিনতকৈ অধিক শোক পালন কৰিবলৈ আমাক নিষেধ কৰা হৈছে। (সংশ্লিষ্ট হাদীছঃ ৩১৩) (.প্ৰ. ১১৯৭, .ফা. ১২০৫)

       

 

     ছহীহ বুখাৰী, খণ্ড:

   হাদিছ নং: ১২৮০

 

        ১২৮০. জয়নাব বিনতে আবি ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, যেতিয়া চিৰিয়াৰ পৰা আবূ চুফিয়্যান ৰাদ্বিয়াল্লাহু আনহুৰ মৃত্যুৰ খবৰ আহি পালে, তাৰ তৃতীয় দিনা উম্মু হাবীবাহ ৰাদ্বিয়াল্লাহু আনহাই হালধীয়া বৰণৰ সুগন্ধি আনিলে আৰু তেওঁৰ উভয় গাল আৰু বাহুত লগালে। তাৰ পিছত লে, অৱশ্যে মোৰ ইয়াৰ কোনো প্ৰয়োজন নাছিল, যদিহে মই নবী চাল্লাল্লাহুআলাইহি অছাল্লামক এই কথা কোৱা নুশুনিলোহেঁতেন যে, যি মহিলাই আল্লাহ আৰু কিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁৰ পক্ষে স্বামীৰ বাহিৰে আন কোনো মৃত ব্যক্তিৰ বাবে তিনি দিনতকৈ অধিক শোক পালন কৰা বৈধ নহয়। অৱশ্যে স্বামীৰ বাবে চাৰি মাহ দহ দিন শোক পালন কৰিব। (সংশ্লিষ্ট হাদীছসমূহঃ ১২৮১, ৫৩৩৪, ৫৩৩৯, ৫৩৪৫) (.প্ৰ. ১১৯৮, .ফা. ১২০৬)

Post a Comment

0 Comments